Monday, 18 May 2015

-(1)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’

 -(1)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’ 

By-sogood islam syeds-sgis, 24.05.2015



----------------------------------------------------
বিজ্ঞানক ধর্মৰ পৰা পৃথক কৰিব নোৱাৰি।এলবার্ট আইনষ্টাইনৰ দুষাৰ কথাই এইকথা প্রতিপন্ন কৰে।তেওঁ কৈছিলঃ-
‘"A theory can be proved by experiment; but no path leads from experiment to the birth of a theory. ‘
 “Science without religion is lame, religion without science is blind.” –Albert Einstein



-পৃথিবীৰ বিভিন্ন ধর্মৰ মানুহে তেওঁলোকৰ ধর্মৰ মহাপ্রভুজনক বিভিন্ন নামেৰে বহু,ত্রিত্ব,দ্বৈত্ব,একত্ববাদৰ ভিত্তিত-ভগবান,ঈশ্বৰ,গড্‌,আল্লা নামেৰে অভিহিত কৰি আহিছে।[URL-চাওঁক=http://wp.me/s20yGy-214]।আনহাতেদি বিজ্ঞানীসকলে প্রমাণিত পৰীক্ষাৰ দ্বাৰা মহাপ্রভুৰ নাম নোলোৱাকৈয়ে বিভিন্ন তত্ব,বাদ,নীতি যেনে-কোৱাণ্টামতত্ব,আপেক্ষিকবাদ অথবা পৰম নীতি(the final theory )ৰ কথা কৈ আহিছে;যাৰ দ্বাৰা এই বিশ্বপ্রকৃতি পৰিচালিত হৈছে। বিজ্ঞানে এই নীতি বোৰ আবিস্কাৰ(discover) আৰু ব্যাখ্যাহে কৰিছে, এই নীতি বোৰ সৃষ্টি কৰা নাই।তেন্তে এই নীতিবোৰ কোনে সৃষ্টি কৰিলে?
(.Modern science cannot explain--(Robert Lanza’s Quote=pl.click=http://wp.me/p20yGy-4S )

-আদি যুগৰ পৰাই মানুহৰ মনত কিছুমান প্রশ্নই ক্রিয়া কৰি আহিছে।বিশ্বব্রহ্মাণ্ড খন আমি দেখাৰ দৰে কিয় হ‘ল?জোন,বেলি,তৰাৰে কিয় আমাৰ আকাশ জাতিস্কাৰ হৈ থাকে?লক্ষ্য লক্ষ্য গ্রহ-নক্ষত্রৰ ভিতৰত কেৱল পৃথিবী নামৰ এই গ্রহটোতেই কিয় মানুহ নামৰ জীৱৰ উৎপত্তি হ‘ল,যি সৃষ্টিৰ কাৰণ বা সৃষ্টিকর্তাৰ অস্তিত্ব সন্মন্ধে প্রশ্ন কৰিব পৰা হ‘ল।এনেবোৰ প্রশ্ন মানুহে বহু দিনৰ পৰাই কৰি আহিছে।
      সৃষ্টিকর্তাৰ দ্বাৰা বিশ্বব্রহ্মাণ্ড সৃষ্টি হোৱা ধাৰণাটো বহু ধর্মই সমর্থন কৰে।সেইবোৰৰ ভিতৰত খ্রীর্ষ্টান,ইছলাম,ইহুদী ধর্মই প্রধান।আনহাতেদি স্থানভিত্তিত প্রচীন ভাৰত,ইজিপ্ত,গ্রীছ,ইজিয়ান সাগৰৰ উপকূলৱর্তী অঞ্চলতো এই ধাৰণাটোৱে প্রচলিতহৈ আহিছে ।
      ভাৰতীয় প্রধান ধাৰণা আছিল-সৃষ্টি,স্থিতি আৰু প্রলয়ৰ জৰিয়তে এক চক্রীয় আৰু আদি-অন্তহীন বিশ্ব ধৰণা।আনহাতেদি ইজিপ্তৰ বিশ্বধৰণা আছিল জৈৱিকঃ-
“At the beginning ,the world was a waste of water called ‘Nu’above of the great father…..who gave being into ‘Ra’[the Sun God] who is greater than ‘Nu’ from whome he arose….Ra bade the earth and the heaven to rise from Nu…..Shu[God of air]the uplifter raised Nut [the Goddes of sky] upon high….sky formed the vault , which arched above ‘Qeb’ [God of earth] who lies prostate beneath her…………”



+++++++++++++

Photo-[Albert Einstein, Lecturing in Vienna, 1921.
(14 Mar 1879 – 18 Apr 1955)German-American physicist who developed the special and general theories of relativity. He was awarded the 1921 Nobel Prize for Physics for his explanation of the photoelectric effect. ]

-Contd-next week-in sha Allah-sgis-24.05.2015


http://wp.me/p21N51-l
next-http://wp.me/p21N51-1l