Saturday, 15 October 2016

মালিক ছাৰৰ অনুভূতিৰে অনুভৱ

"মালিক ছাৰৰ অনুভূতিৰে অনুভৱ"
(ঘন দুৱৰাৰ লাইফৰ এক্সপেৰিমেণ্ট)
----------------------------------------------

           --ঘৰ গুৱাহাটীত ,কর্মস্থলী চিমেনচাপৰিত। চিমেনচাপৰি!অৰুণাচল পাহাৰৰ পাদদেশৰ এডোখৰ সৰু ঠাই।সেউজীয়া অৰুণাচল পাহাৰৰ বুকুৱেদি ওলাই আহিছে চিমেন নৈ। চিমেন নৈৰ ওপৰত পূবা-পশ্চিমাকৈ পাৰি দিয়া হৈছে গাড়ী-ঘোঁৰা,পদযাত্রীৰ বাবে এখন লোহাৰ দলং।একেখন দলঙৰ ওপৰতে ৰেল-লাইনো আছে।পিছলৈ ইয়াৰ ওপৰেদি অহা-যোৱা বন্ধ হ’ল।খৰালি পানী শুকাই নৈখন খিণাই যায়। দলঙৰ দক্ষিণ দিশত বালিৰ ওপৰত সিঁচৰিত হৈ আছে বিভিন্ন গঢ়ৰ শিলবোৰ। দলঙৰ তলেদি জিৰ-জৰকৈ ব্রহ্মপুত্রৰ দিশেৰে বৈ আছে চিমেন। দলঙৰ পৰা দুশ মিটাৰমান দূৰত সুঁতিটো বৰ ঠেক হৈ পৰিছে।তাতে দিয়া হৈছে এখন ব্রেইলী দংল।অইল ইণ্ডিয়াই দিয়া।ইয়াৰ ওপৰেদিয়েই সকলো যান-বাহন,মানুহ-দুনুহ অহা-যোৱা কৰে।এতিয়া এইখনেই চিমেনৰ ওপৰত একমাত্র ৰাষ্ট্রীয় ঘাইপথৰ সংযোগী সূতা।


--মানুহ জনৰ(ঘন দুৱৰাৰ) ভাৱ হয় তেওঁ যেন মূলসুঁতিৰ পৰা বিচ্ছিন্ন এখন ঠাইৰ বাসিন্দা।

--এটা ফোন কৰিব লাগে(তেতিয়া ম’বাইল ফোনৰ ব্যৱস্থা উঃপূঃত হোৱাই নাই ) ফোন!আহ!ইয়াত ফোন বিচৰা মানে পাহাৰত কাছ কণী বিচৰা। চিমেনচাপৰিৰ পৰা গুৱাহাটীৰ লগত ফোনেৰে যোগাযোগৰ কোনো ব্যৱস্থা নাই।নাই এটা পি,চি,অ’।প্রায় ৩০ কিলোমিটাৰ দূৰ চিলাপথাৰলৈ ঢপলিয়াব লাগে।তাকে কৰা হ’ল।
ব্রেইলী দংল পাৰহৈ ৰাষ্ট্রীয় পথৰ খলা-বমাবোৰত ঘটং ঘটং কৰি চিলাপথাৰলৈ গাড়ী আগবাঢ়িল।চিলাপথাৰত কাম নহ’ল। পি,চি,অ’বেয়া।৫ কিলোমিটাৰ আগুৱাই গৈ অৰুণাচলৰ সীমাৰ ভিতৰত থকা লিকাবালিৰ পি,চি,অ’ত ফোন কৰা হ’ল। তেওঁলোক পুনৰ চিলাপথাৰলৈ ঘূৰি আহিল।
চিলাপথাৰলৈ ফোন কৰিবলৈ আহোতেই মানুহ জনে ভাবি আহিছিল, চিলাপথাৰত আজৰি সময় কটাবলৈ দুখনমান কিতাপ কিনাৰ। তাৰেই সন্ধানত তেখেত ওলাল।দোকানৰ পৰা দুখন কিতাপ কিনা হ’ল।তাৰে এখন ডঃমৃণাল চৌধুৰীয়ে সংকলন কৰা “মহাজীৱনৰ মহানায়ক চৈয়দ আব্দুল মালিক”।


--গধূলি এনেয়ে খোজকাঢ়ি মানুহজন গাৱৰ ফালে আগ বাঢ়িল ।বাৰীৰ বাঁহ গছবোৰৰ কাষেদি বাটটো।বাটৰ দুয়োফালে দীঘল দীঘল পদূলিৰ ঘৰবোৰ। মাজে মাজে এটা-দুটা ৰং উঠি যোৱা পকীঘৰ।মুকলি পথাৰখন পাৰহৈ বনৰীয়া গছেৰে ভৰা এডোখ ঠাই।বাটটো এঢলীয়াহৈ তললৈ নামি গৈছে।ভাত-পানী খোৱাৰ পিছত মানুহজনে শোৱাৰ আগে আগে ডঃমৃণাল চৌধুৰীয়ে সংকলন কৰা কিতাপ খন পঢ়ি শেষ কৰিলে।

--মহানায়ক চৈয়দ আব্দুল মালিক।মালিক কাইটি , মালিক ছাৰ!এৰা!অসমৰ সাহিত্য আকাশৰ এটি ধ্রুৱতৰা।হেৰাই গ’ল অসমৰ আকাশৰ পৰা।

--২০০০ চনৰ ডিচেম্বৰ মাহৰ শেষ সপ্তাহৰ পিছত আকৌ এবাৰ সকলোৰে মনবোৰ গধুৰ হৈ পৰে।৬৭ খন উপন্যাস,প্রায় ২০০০ৰৰ ওপৰ চুটি গল্প,তেনেদৰে নাটক……….।মানুহজনে ভাবিলে -“আমাৰ কাৰণে অকল্পনীয়।এতিয়া যে গধূলি ওলাই গ’লো গাৱৰ মাজেদি ,ধিমিকধামাককৈ জ্বলি থকা চাকিৰ বিচ্ছুৰিত পোহৰে অন্ধকাৰ কম্বল এখনেৰে ঘোপ মাৰি থকা ঘৰবোৰ , অস্তিত্বহীন যেন তাৰ ভিতৰৰ মানুহবোৰ,চিঞৰি চিঞৰি পাঠপঢ়া স্কুলৰ ল’ৰা-ছোৱালীৰ ছন্দোময় মাতবোৰ ,এন্ধাৰ চোতালত বহি বহি কথাৰ মহলা মৰা মানুহবোৰ- এইবোৰেইটো মালিক ছাৰৰ চৰিত্র,কাহিনী। তেওঁ আকৌ ভাবিলে -“কিতাপখন জপাই ভাবিলো।মোৰ সিৰাইদি যেন বৈ গ’ল মালিক ছাৰৰ তেজ।

--ভাবিলো মালিক ছাৰে চিৰপ্রৱাহিত নদীৰ দৰে কলমৰ চিঞাঁহি বোৱাই যদি লিখিব পাৰে, ময়ো পাৰো নেকি এক্সপেৰিমেণ্ট এটা কৰা যাওক।


…..নাই , নোৱাৰি।এয়া যেন তেখেতৰ দৰে সাহিত্যিকৰ জন্মগত প্রতিভা। মালিক ছাৰেলৈ আকৌ এবাৰ শ্রদ্ধাত মূৰটো দোঁ খাই গ’ল।

--ওপৰৰ কথাবোৰ আচলতে চিমেনচাপিৰৰ মাজত ঘৰৰ পৰা দূৰত থাকি নিঃসংগতা অনুভৱৰ সময়ত ,”মালিক ছাৰে কেনেকৈনো লিখে বুলি”কি কৰো,কেনেকৈনো কৰো-কৈ সৰু টেষ্টটিউৱ এটাত সম্পন্ন কৰা এক্সপেৰিমেণ্ট এটাৰ অংশমাত্র।
এক্সপেৰিমেণ্টৰ ফলাফল শূন্য।” [সমাপ্ত]

(মন্তব্য:-বহু বছৰ আগৰ ‘আমাৰ অসম’ৰ দেওবৰীয়া’পূর্বাচল’ত ঘন দুৱৰা দেৱৰ”চিমেনচাপৰিত লাইফৰ এক্সপেৰিমেণ্ট” নামৰ এটা সৰু নিৱন্ধৰ আঁত ধৰি উক্ত নিৱন্ধটোৰ জীৱন্ত ৰূপ দিয়া হৈছে।)

(sogoodislam, dtd ghy the 01.07.2010)

Saturday, 17 September 2016

পুৰুষে ভৰিৰ সৰু গাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধা হাৰাম!




আহক! নিজকে সংশোধন কৰাৰ কথা চিন্তা কৰোঁ।
______________________________________________

পুৰুষে ভৰিৰ সৰু গাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধা হাৰাম!

আবু যৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছুল চাল্লাল্লাহু আলইহি ওৱা ছাল্লামে কৈছে--

“কিয়ামতৰ দিনা আল্লাহ তা'আলাই তিনি প্ৰকাৰ ব্যক্তিৰ সৈতে কথাও নাপাতে সিহঁতৰ ফালে দৃষ্টিপাতো নকৰে। আনকি তেওঁ সিহঁতক গুনাহৰ পৰা পবিত্র নকৰে বৰং সিহঁতৰ কাৰণে আছে কষ্টদায়ক শাস্তি”। মই প্ৰশ্ন কৰিলোঁ, তেওঁলোক কোন? কিন্তু তেওঁলোক তো ধ্বংস, তেওঁলোকে নিস্তাৰ পোৱাৰ কোনো পথ নাই। ৰাছুল চাল্লাল্লাহু আলাহি ওৱা ছাল্লামে এই কথা তিনিবাৰ কৈছে। তেওঁলোক হ'ল--
১) যি ব্যক্তিয়ে ভৰিৰ সৰু গাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধে।
২) যি ব্যক্তিয়ে মিছা শপত খাই ব্যাৱসায়ৰ পণ্য-সামগ্ৰী বিক্রী কৰে।
৩) যি ব্যক্তিয়ে কাৰোবাৰ উপকাৰ কৰি খোটা দিয়ে। (মুছলিম, তিৰমিজী, আবু দাউদ ও ইব্‌ন মাজাহ্‌)।

আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাহি ওৱা ছাল্লামৰ পৰা বর্ণনা কৰি কৈছে, “লুঙ্গিৰ যি অংশ ভৰিৰ সৰু গাঁঠিৰ তললৈ ওলমি থাকিব সেই অংশ জুইত প্রজ্জলিত হব।” (বুখাৰী)

জাবেৰ ইব্‌ন চুলাইম ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছুল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “ভৰিৰ সৰু গাঁঠিৰ তললৈ ওলোমাই কাপোৰ পিন্ধাৰ পৰা সাৱধান হোৱা। কাৰণ, সি হ'ল অহংকাৰৰ অন্তর্ভূক্ত আৰু আল্লাহে অহংকাৰ কৰাটো পছন্দ নকৰে।” (আবু দাঊদ। আলবানীয়ে হাদীছটো ছহীহ বুলি কৈছে)।

ইব্‌ন বায আৰু ইব্‌ন উছাইমীন (ৰাহ.) ৰ ফাতওৱা
ইব্‌ন বায (ৰাহ.) এ কৈছে, “যি কোনো অৱস্থাত ভৰিৰ সৰু গাঁঠিৰ তললৈ ওলোমাই কাপোৰ পিন্ধাটো ৰাছুল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে অহংকাৰৰ অন্তৰ্ভূক্ত বুলি কৈছে। কাৰণ, তেওঁ কৈছে, “ভৰিৰ সৰু গাঁঠিৰ তললৈ কাপোৰ ওলোমাই পিন্ধাৰ পৰা সাৱধান! কাৰণ সেইটো অহংকাৰৰ অন্তর্ভূক্ত।” ইয়াত তেওঁ বিশেষ কোনো অৱস্থাক বাদ দিয়া নাই। গতিকে যি ব্যক্তিয়ে ইচ্ছা কৰি ভৰিৰ সৰু গাঁঠিৰ তললৈ ওলোমাই কাপোৰ পিন্ধিব তেওঁ শাস্তিৰ আওতালৈ ঘূৰি আহিব। সেইটো পায়জামা হওঁক বা লুঙ্গি, কুর্তা বা অন্য কোনো পোচাক হওঁক। কোনো পোচাকৰ ক্ষেত্রতেই ভৰিৰ সৰু গাঁঠিৰ তললৈ ওলোমাই কাপোৰ পিন্ধাৰ সুযোগ নাই।”

মুহাম্মাদ ইব্‌ন চালেহ আল উছাইমীন (ৰাহ.) এ কৈছে, “অহংকাৰ বশতঃ যি ব্যক্তিয়ে লুঙ্গি ভৰিৰ সৰু গাঁঠিৰ তললৈ ওলোমাই পিন্ধিব তেওঁৰ শাস্তি হ'ল, কিয়ামতৰ দিনা আল্লাহে তেওঁৰ সৈতে কথা তো নাপাতেই বৰং তেওঁৰ ফালে দৃষ্টিপাতো নকৰে। আনকি আল্লাহে তেওঁক গুনাহৰ পৰা পবিত্র নকৰিব বৰং তেওঁৰ কাৰণে আছে কষ্টদায়ক শাস্তি আৰু যদি অহংকাৰ বশতঃ কাপোৰ ওলোমাই পিন্ধে তেনেহলে তেওঁৰ শাস্তি হ'ল, তেওঁ যিমানখিনি কাপোৰ ভৰিৰ সৰু গাঁঠিৰ তললৈ ওলোমাই পিন্ধিছিল সিমানখিনি জুইত প্রজ্জলিত হব।
(তথ্যসূত্রঃ ফাতওৱা আল বালাদুল হাৰাম, ১৫৪৭, ১৫৪৯, ১৫৫০ নং পৃষ্ঠা)(by Juber Rahman) 

Friday, 6 May 2016

ban-আর-রাহীকুল মাখতুম-পৃষ্ঠাঃ৫৩৪-৫৩৫

আয়িশাহ (রাঃ) নাবী কারীম (সাঃ) কে
নিজ দেহের উপর ভর করিয়ে থেমে রইলেন।
তার এক বর্ননা সুত্রে জানা যায়, তিনি
বলেছেন, 'আমার প্রতি আল্লাহর বিশেষ
অনুগ্রহ হচ্ছে নাবী কারীম (সাঃ) আমার
ঘরে, আমার বিছানায়, আমার গ্রীবা ও
বক্ষের মাঝে মৃত্যুবরন করেন। তার মৃত্যুর সময়
আল্লাহ তা'আলা আমার লালা এবং তার
লালাকে একত্রিত করে দিয়েছেন। ঘটনাটি
ছিল এ রকম যে, আব্দুর রহমান বিন আবূ বাকর
(রাঃ) নাবী কারীম (সাঃ) এর নিকট আগমন
করলেন। তার হাতে মিসওয়াক ছিল।
রাসূলুল্লাহ (সাঃ) আমার শরীরে হেলান
অবস্থায় ভর করেছিলেন। আমি দেখলাম যে,
নাবী কারীম (সাঃ) মিসওয়াকের প্রতি
লক্ষ্য করছেন। অতএব, আমি বুঝে নিলাম যে
তিনি মিসওয়াক চাচ্ছেন। আমি বললাম,
'আপনার জন্য মিসওয়াক নিব?'
তিনি মাথা নেড়ে তা নেয়ার জন্য ইঙ্গিত
করলেন। অতঃপর একটি মিসওয়াক নিয়ে
নাবী কারীম (সাঃ) কে দিলাম। তিনি
ইঙ্গিতে বললেন হ্যা। আমি মিসওয়াকখানা
নরম করে দিলে খুব সুন্দরভাবে তিনি
মিসওয়াক করলেন। সম্মুখেই ছিল পানির
পাত্র। পানিতে দু'হাত ডুবিয়ে তিনি
মুখমণ্ডল মুছতে মুছতে বলছিলেন,
আল্লাহ ছাড়া কোন উপাস্য নেই, মৃত্য
যন্ত্রনা একটি অত্যান্ত কঠিন ব্যাপার।
(বুখারিঃ২য় খন্ড ৬৪০ পৃষ্ঠা)
মিসওয়াক থেকে ফারেগ হয়ে রাসূলুল্লাহ
(সাঃ) হাত অথবা আঙ্গুল উত্তোলন করলেন
এবং ছাদের দিকে দৃষ্টি তুলে ধরলেন। তার
ঠোট দুটি একটু নড়ে উঠল। আয়িশাহ (রাঃ)
কান পেতে শ্রবন করলেন, তিনি বলছিলেন,
'হে আল্লাহ! নাবীগন, সিদ্দীকগন, শহীদগন
এবং সত ব্যাক্তিগন যাঁদের তুমি পুরুস্কৃত
করেছো আমাকে তাদের দলভুক্ত কর এবং
আমাকে ক্ষমা করে দাও এবং আমার প্রতি
তুমি অনুগ্রহ কর।হে আল্লাহ! আমাকে
রফীক্বে আ'লায় পৌছে দাও। হে আল্লাহ!
রফীক্বে আ'লা।
(সহীহুল বুখারিঃনাবী করীম (সাঃ) এর
অসুস্থতা অধ্যায় এবং শেষ কথোপকথন ২য়
খন্ড ৬৩৮-৬৪১ পৃঃ)
এ ঘটনা সংঘটিত হয় একাদশ হিজরীর ১২
রবিউল আওয়াল সোমবার সুর্য্যের উত্তপ্ত
হওয়ার সময়। সে সময় নাবী কারীম (সাঃ)
এর বয়স হয়েছিল তেষট্টি বছর চার দিন।
আর-রাহীকুল মাখতুম
শায়খুল হাদীস আল্লামা সফিউর রহমান
মোবারকপুরী (রহ.)
পৃষ্ঠাঃ৫৩৪-৫৩৫

Sunday, 1 May 2016

আলিম প্রধানতঃ তিনি প্রকাৰ-JR

ইছলামিক জ্ঞানী (আলিম) প্রধানতঃ তিনি প্রকাৰ।
বৈষম্যমূলক শিক্ষাৰ কাৰণে আলিমসকলৰ মাজত এই বিভক্তি। ইয়াতে মুছলিমসকল বহু দলত বিভক্ত হৈ এজনে আনজনৰ বিৰোধিতাত লিপ্ত আছে।
১)মাজহাবী আলিম (জ্ঞানী)
আমাৰ দেশত তেওঁলোকক কওমী মাদ্রাছাত ১৬ বছৰৰ ভিতৰত ১৫ বছৰ কাল বান্দাৰ (ৰহঃ) লিখা ভুলেৰে ভৰা Note book (কিতাব) পঢ়োৱা হয়। ১৬তম বছৰত ৫০-৬০,০০০ হাদীছৰ কিতাব পঢ়োৱা হয়¸ যিসমূহ আলিমসকলে মনত ৰাখিবও নোৱাৰে। এওঁলোকৰ বেছিভাগ পীৰ-তৰিকা, আওলিয়াসকলৰ গল্প, মাজহাব, তাবিজ-কবজ ইত্যাদিত পাৰদর্শী হয়। কিছুমান আলিম কম চিন্তাশীল, বিদাতী, শ্বির্কী আৰু অশ্লীল বাক্য বিনিময়ত আসক্ত হয়। এওঁলোকৰ licence আছে, reference নাই। এওঁলোক সংখ্যাত সর্বাধিক হয়।
২) কুৰআন-ছুন্নাহভিত্তিক আলিম(জ্ঞানী)
এওঁলোকে ১৫ বছৰ হাদীছ পঢ়ে-
[১ বছৰ=৪০ হাদীছ (আৰবাইন)।
২ বছৰ=বুলুগুল মাৰাম।
২ বছৰ →মিশকাত।
৪ বছৰ →সোনালী আৰবাহ।
২ বছৰ →বুখাৰী, মুছলিম।
৪ বছৰ →মদিনাত হাদীছ গৱেষণা]।
মুঠ ১৫ বছৰেই হাদীছ পঢ়োৱা হয়। সেইকাৰণে এওঁলোক কুৰআন আৰু ছুন্নাহত অধিক পাৰদর্শী হয় আৰু তেনেদৰে (কুৰআন আৰু ছুন্নাহভিত্তিক) আমল কৰে। এওঁলোকৰ licence আৰু reference আছে। এওঁলোক সংখ্যাত কম হয়।
৩)আধুনিক শিক্ষিত (জ্ঞানী)
ডাক্তৰ, ইঞ্জিনিয়াৰ, প্রফেচৰ, সচিবসহ বিভিন্ন উচ্চপদস্থ চাকৰীজীৱিসকলে এটা পর্যায়ত নিজে আমল কৰাৰ কাৰণে, ধর্মীয় নিয়ম-কানুন শিকিবলৈ গৈ, সকলোতকৈ সহজ (ছূৰা ক্বামাৰ ৫৪: ১৭,২২,৩২,৪০ ৰ "আমি কুৰআনক সহজ কৰি দিছোঁ বুজাৰ বাবে। গতিকে, আছেনে কোনো চিন্তাশীল ব্যক্তি?) সূলভ আৰু নির্ভুল কিতাপ কুৰআন আৰু ইয়াৰ তর্জমা পঢ়ে। এই মেধাবী, উচ্চশিক্ষিত, অভিজ্ঞ, বয়স্ক তথা প্রতিষ্ঠিত বান্দাসকলে সহজতে আৰু অলপ সময়তে দ্বীন বুজি লব পাৰে আৰু তেওঁলোকে হাত বঢ়ালেই সুযোগ্য আলিমসকলৰ সৈতে সু-সম্পৰ্ক কৰি কুৰআন আৰু ছুন্নাহত পাৰদর্শী হয়। মূলতঃ এওঁলোকে কুৰআনৰ ছূৰা মুহাম্মদ ৪৭: ৩৩ নং আয়াতটো হুবহু মানি চলে।
য’ত আল্লাহ তা‘আলাই কৈছে,
" হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা, ৰাছূলৰ (চাল্লাল্লাহু আলাইহি অছাল্লাম) আনুগত্য কৰা আৰু নিজৰ কর্ম বা আমল বিনষ্ট নকৰিবা।"
দ্বীনত কোনো বান্দাৰ (ৰহঃ) পাণ্ডিত্য নচলে, সেইটো জানিয়েই এওঁলোকে মাজহাব, পীৰ, ওলী আদিত বিশ্বাসী নহয়। এওঁলোকৰ licence নাই reference আছে। এওঁলোক সংখ্যাত খুব কম হয়। এওঁলোকৰ প্রচাৰ পদ্ধতি আৰু ভাষা অত্যাধুনিক হোৱাত শিক্ষিত বান্দাসকলে সহজেই বুজিব পাৰে।
‪#‎আলোচনাত‬ বুজা গৈছে, প্রথম পর্যায়ৰ জ্ঞানীসকল মাজহাব আৰু পীৰ অনুসাৰী হয়।
দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ জ্ঞানীসকল কুৰআন আৰু ছুন্নাহৰ অনুসাৰী হয় আৰু এওঁলোকৰ মাজত প্ৰথম পৰ্যায়ৰ জ্ঞানীসকলৰ মতানৈক্য থাকে।
----- ইছলাম আৰু সংগৃহীত (Edited)

Saturday, 2 January 2016

LIFE SPAN OF FOUR IMMAMS & Sihah Sitta Islamic scholars

LIFE SPAN OF FOUR IMMAMS:-

Imam Abu Hanifa=(699 – 767 AD / 80 – 150 AH)
Imam Malik     =(711–795 CE / 93–179 AH)
Imam Shafi'i   =(767 — 820 CE / 150 — 204 AH)
Imam Ahmad ibn Hanbal=(780–855 CE / 164–241 AH)
…………………………………………………………………………………………………

Sunni Muslims view the six major hadith collections as their most important. They are (The order of authenticity varies between the Madhhabs):-
1.    Sahih Bukhari, collected by Imam Bukhari (d. 256 AH, 870 CE), includes 7,275 ahadith
2.    Sahih Muslim, collected by Muslim b. al-Hajjaj (d. 261 AH, 875 CE), includes 9,200 ahadith
3.    Sunan Abu Dawood, collected by Abu Dawood (d. 275 AH, 888 CE), includes 4,800 ahadith
4.    Jami al-Tirmidhi, collected by al-Tirmidhi (d. 279 AH, 892 CE), includes 3,956 ahadith
5.    Sunan al-Sughra, collected by al-Nasa'i (d. 303 AH, 915 CE), includes 5,270 ahadith
6.    Either:
•    Sunan ibn Majah, collected by Ibn Majah (d. 273 AH, 887 CE), over 4,000 ahadith
•    Muwatta Malik, collected by Imam Malik (d. 179 AH, 795 CE), 1,720 ahadith [