Tuesday, 3 November 2015

[7]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-


[7]- -ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-
----[সূফীবাদ, মাযহাব]-চৈয়দ চ’গুদ ইছলাম-০৩/১১/২০১৫
++++++++++++++++++++
[[আগৰ খণ্ড এটাত উল্লেখ কৰি অহা হৈছেযেঃ-
১]-The last Sahaabi to pass away:
--Anas Ibn Maalik (Radhi Allahu anhu) died 94AH [712AD]
২]-Imaam Abu Hanifa (ra) was born on 80AH and died 150AH [699-767AD]
৩]- Doctrinal Sufism আৰম্ভ হয় ন’ শতিকাৰ[( ninth century)( 287 A.H.)] শেষভাগৰ পৰা।
৪]-বাৰশ শতিকাৰ পৰা সোতৰ শতিকাৰ ভিতৰত ভাৰত আৰু বাংলাদেশত সূফীবাদৰ অনুপ্রবেশ ঘটে।]]
++++++++++++++++++++++++
--শাহ ওলিউল্লাহ দেহেলভী (ৰহঃ)এ তেওঁৰ ইযালাতুল খফা গ্রন্থত লিখিছেঃ- বনী উমাইয়াদৰ শাসনৰ অবশানৰ অর্থাৎ ১৫০ হিজৰি(767AD) পর্য্যন্ত কোনো মযহাব নাছিল। আব্বাসী খলিফাৰ শাসন কালৰ মাজ ভাগত [Abbasid Caliphate750 AD (132 AH)- 1258 AD(656 A.H. )] যিসকলে আগৰ পৰাই কোৰআন আৰু হাদীচৰ ব্যাখ্যা কৰি আছিল তাত মতৰ অমিল হোৱাত প্রত্যেকেই নিজ নিজ ইমাম ঠিক কৰি মূল কোৰআন আৰু হাদীচ বাদদি ইমাম সকলৰ মতৰ ওপৰত ইয়াৰ ব্যাখ্যা কৰিবলৈ ধৰে।
--এইয়াই মযহাবৰ আৰম্ভণী(400 AH(1009 AD )। আৰব ৰাজত্বৰ অবসানৰ ৬৫৬ হিঃৰ[656 AH(1258 AD)] পিছত মুছলমানসকল বিভিন্ন দেশত সিচঁৰিতহৈ পৰে আৰু নিজ নিজ মযহাবৰ যিখিনি পাৰে তাকেলৈ অনুমান আৰু পৰিকল্পিত ৰূপত প্রতিষ্ঠা কৰে। শাহ ওলিউল্লাহ দেহেলভীৰ (ৰহঃ) ভাষাত কবলৈ হ’লে ক’ব লাগিবযে এই সকলৰ ৰাজত্ব অগ্নিপূজকৰ দৰে, তফাৎ মাত্র এওঁলোকে নামাজ পঢ়ে আৰু কলিমা উচ্চৰণ কৰে(ইযালাতুল খফা)।
+++++++++++++++++++++++
--মযহাব নো কিঃ- মযহাবৰ সঠিক অর্থ হৈছে চলাৰ পথ। কিন্তু মযহাবী সকলৰ মতে মযহাবৰ অর্থ হৈছে মত ও পথ। এনে অর্থত পৃথিবীত যিমান মত ও পথ আছে আটাইবোৰেই মযহাব।
--এই মত ও পথ অনুসৰি হানাফী, মালেকী, শাফেয়ী আৰু হাম্বলী মযহাবৰ সৃষ্টি হ’লে নবী মহম্মদুৰ ৰছুলুল্লাহৰ(সঃ) মত ও পথ অনুসৰি মুহাম্মাদী মযহাব হ’ব। আৰু ইয়েই উত্তম ও উৎকৃষ্ট মত ও পথ বুলি প্রত্যেকেই স্বৃকাৰ কৰিব।
--যিসকলৰ নামত ভক্তসকলে মযহাব বনাইছিল সেই ইমামসকলে(ৰঃ) ভক্তৰ ভন্দামী গমেই নেপায় কা ৰণঃ-
-- আবুহানীফাৰ(ৰঃ) ইন্তেকালৰ ২৫০বছৰৰ পিছত হানাফী মাযহাবৰ সৃষ্টি হৈছে। ইমাম মালেকৰ ইন্তেকালেৰ ২২১ বছৰ পিছত মালেকী মাযহাবৰ সৃষ্টি হৈছে। ইমাম শাফীৰ ইন্তেকালৰ ১৯৬ বছৰৰ পিছত শাফী মাযহাবৰ আৰু ইমাম আহমাদৰ ইন্তেকালৰ ১৫৯বছৰৰ পিছত হাম্বলী মাযহাবৰ সৃষ্টি হৈছে। অর্থাৎ ইমামসকলৰ(ৰাঃ) জীবিত অবস্থাযত মাযহাব সৃষ্টি হোৱা নাছিল।তেওঁললোকৰ মৃত্যুৰ বহু বছৰৰ পিছত মাযহাবৰ উদ্ভব হয়। -----

-ক্রমশঃ ইন সা আল্লাহ।।-sogoodislamsyeds(sgis)।।
--------------------------------------------------------------------------------------------
a nice comment-
Ikramul Hussain আৰু এনেকৈয়ে ইছলামত মযহবৰ নামত বিভিন্ন নিয়ম কানুন ও ইবাদতৰ পদ্ধতিৰ প্ৰচলন হয় । ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে বিদায়ী হজৰ ভাষণত ইছলাম পৰিপূৰ্ণ হোৱা বুলি ঘোষণা কৰি গৈছে । এই পৰিপূৰ্ণ ইছলামত নতুন প্ৰথা বা পদ্ধতি অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনেই আছে নে এক্তিয়াৰ আছে ? এনে নতুন প্ৰথা বা পদ্ধতিক কি বুলি কয় সেয়া সকলোৱে জানে । এনে নতুন প্ৰথামতে কৰা ইবাদতৰ পৰিণাম কি সেয়াও জানে তথাপি হাদীচত বৰ্ণিত শুদ্ধ ত্বৰীকাৰ বিষয়ে কলে জাঙুৰ খাই উঠে । প্ৰশ্ন কৰে - তেনেহলে ইমান ডাঙৰ ডাঙৰ মৌলানা, আলিম, মুফতী, হুজুৰ সকলে ভুল কৰি গল নেকি ? তেওঁলোকে কেতিয়াও নকয় বা নুসুধে যে আমাৰ একমাত্র হুজুৰ নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে দেখুৱাই যোৱা আদৰ্শ কি বা তেখেতৰ (দঃ) মজহব কি আছিল ? কাৰণ এয়া সোধাৰ লগে লগে সান্দহ খোৱা বালি তল পৰিব । একেবাৰে simple আৰু সহজ উদাহৰণ হল নামাজ পঢ়াৰ পদ্ধতি । ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কেনেকৈ নামাজ পঢ়িছিল আৰু পঢ়িবলৈ কৈছিল সেয়া হাদীছ গ্ৰন্থত স্পষ্ট উল্লেখ আছে । আমি সেয়া নামানি শ শ বছৰৰ পিছত ইমামৰ নামত অন্তৰ্ভুক্ত কৰা প্ৰথাক মানা বা স্বীকৃতি দিয়াটো কি বুলি আখ্যা দিব পাৰি । যদিও আমি জানো যে তেখেত সকল চালাফে শ্বালিহীন নাছিল তথাপি তেওঁলোকৰ নামত প্ৰচাৰ কৰা মতৰ শুদ্ধতা বিচাৰ কৰি নাচাওঁ । শুদ্ধ হলেতো চিন্তাৰ কথা নাই কিন্তু ভুল হলে যে শুধৰোৱাৰ সময় নাপাম । সেয়ে সময় থাকোতেই আমি ভুল শুদ্ধ এই পৃথিৱীতে বিচাৰ কৰি চোৱা প্ৰয়োজন, কোৰআন ও ছহীহ হাদীচ ভিত্তিত , ফিকহ বা মতামতৰ গ্ৰন্থক প্ৰাধান্য নিদিয়াকৈ ।

No comments:

Post a Comment