Friday, 25 December 2015

[১১]-ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন


[]- ইছলাম ধ্বংসকাৰী বিভিন্ন শির্ক ও বিদআতৰ মূলতেই সূফী-দর্শন-  
----[সূফীবাদ, মাযহাব, ফিকাহ,মছলা]চৈয়দ        -চ’গুদ-ইছলাম-২৭//১২//২০১৫   
++++++++++++++++++++++++++++++++++++++++++++++++
--ইমাম আবু হানিফাই(ৰঃ) বিভিন্ন লোকলৈ চিঠি-পত্র লিখিছিল, ইয়াৰ বাদে কোনো কিতাপ লিখিথৈ যোৱা নাছিল।গতিকে 
তেওঁৰ কোনো কিতাপ নাই। ইয়াৰ মূলতেই হল তেখেতে নিজেই ইয়াক বাধা দিছিল আৰু বাধা দিয়াৰ কাৰণ হৈছে 
তেখেৰ চিন্তাৰ প্রসূত(Evolved, বিকশিত) ;ফলত প্রথমবাৰ চিন্তা কৰি যি কয় পিছত গভীৰ চিন্তা কৰি আন এটা কয়। 
ফলত শিষ্য সকলে লিখাৰ ক্ষেত্রত জটিল হয়। আগবেলা এজনে লিখি যোৱা খিনি পাছবেলা লিখাজনৰ লগত ভাব ধাৰা 
সম্পূর্ণ সলনি হৈ যায়। এই জটিলতাৰ সৃষ্টি নহবলৈকে তেখেতে নিজ মতামত লিখাত বাধা দিছিল। 
--গতিকে ইমাম আবু হানিফাৰ(ৰঃ) কোনো লিখিত কিতাপ নাই।
--তেওঁ নিজৰ মতামত নিজে লিখা নাছিল আৰু কাকো লিখাৰ অনুমিও দিয়া নাছিল।  
*               *            *           *
এতিয়া প্রশ্ন হব পাৰেযে বৃহৎ হানাফী মজহবৰ প্রসিদ্ধ মছলাৰ গ্রন্থ সমূহ হানাফী মজহবৰ  নামত কোনে লিখিলে?
--আল মুখতাছাৰুল কুদূৰীঃ-
--এইখন এখন হানাফী মজহবৰ প্রসিদ্ধ নির্ভৰ যোগ্য ফিকাহ গ্রন্থ। এইখন সকলো হানাফী মাদ্রাছা পাঠ্যক্রমত পঢ়োৱা হয়।
এই গ্রন্থত বাৰ হাজাৰ(১২,০০০) মাছালা আছে। 
এই কিতাপখনৰ গ্রন্থকাৰৰ নাম আবুল হাছান। কাহঁ-পিতলৰ ব্যৱসায়ী হোৱাৰ বাবে এখেতক কুদূৰী নামৰেও জনা যায়।
এই কিতাপখন আল আবুল হাছান কুদূৰীয়ে নিজ হাতে লিখা নাই। এই কথা কিতাপখনৰ আৰম্ভণীতেই লিখা আছে।
 কোনে লিপিবদ্ধ কৰিলে, কোনে সংকলন কৰিলে তাৰ নাম, ঠিকনা একো নাই। 
  *               *            *           *
-“আল মুখতাছাৰুল কুদূৰী”,এই বিৰাত ফিকাহ শাস্ত্রখন সংকলিত হয় ইমাম আবু হানিফা(ৰঃ)ৰ২৭৮(two.seven.
Eight) বছৰৰ পিছতইমান বছৰৰ আবুল হাছানে ইমাম আবু হানিফা(ৰঃ)ক লগ পোৱাৰ প্রশ্নই নুঠে। গ্রন্থখনৰ কথাবৰ 
কি সূত্রে পালে তাৰ একো সূং-সূত্র বিছাৰি পাবলৈ নাই। মুঠতে ইমাম আবু হানিফা(ৰঃ)ৰ নামত যিবোৰ কথা  লিপিবদ্ধ 
কৰা হৈছে সেইবোৰ কোৰআন মজীদ অথবা হাদীচত নাই আৰু ইমাম আবু হানিফা(ৰঃ)ৰ লগতো কোনো লিঙ্ক নাই।
--গুৰুত্বপূর্ণ কথাটো হৈছে হানাফী  মজহবৰ সৃষ্টি হৈছে ইমাম আবু হানিফা(ৰঃ)ৰ মৃত্যুৰ ২৭৮(two.seven.eight) বছৰৰ
 পিছত এই সময়ৰ বহু আগতেই বিশ্বৰ  সকলো ছহী হাদীছ গ্রন্থৰ সংকলন সমাপ্ত হৈছিল। তলৰ সময়বোৰ মন কৰিলে 
দেখিব “আল মুখতাছাৰুল কুদূৰী”ৰ ছহী হাদীছ গ্রন্থৰবোৰৰ কিমান পিছত সংকলিত হৈছিলঃ- 
-মুয়াত্তা মালিক[১৭৯] আৰু আল মুখতাছাৰুল কুদূৰী[৪২৮]=২৪৯ বছৰৰ পিছত ৰচিত।
১]-কুদূৰী ৰচিত হৈছিল মুয়াত্তা মালিকতকৈ=২৪৯ বছৰৰ পিছত[৪২৮-১৭৯]।  
২]-...’’......’’.........”  ...ছহী আল বুখাৰীতকৈ=১৭২ বছৰৰ পিছত[৪২৮-২৫৬]  
৩]-...’’......’’.........”  ...ছহী মুছলিমতকৈ=১৬৭ বছৰৰ পিছত[৪২৮-২৬১]  
৪]-...’’......’’.........”  ...নান-আবী দাউদতকৈ=১৬৭ বছৰৰ পিছত[৪২৮-২৬১]  
৫]-...’’......’’.........”  ...ছুনান তিৰমিযীতকৈ=১৪৯ বছৰৰ পিছত[৪২৮-২৭৯]  
৬]-...’’......’’.........”  ...ছুনান ইবনু মাজাতকৈ=১৫৫ বছৰৰ পিছত[৪২৮-২৭৩]   
৭]-...’’......’’.........”  ...ছুনান নাছাঈতকৈ=১২৫ বছৰৰ পিছত[৪২৮-৩০৩]    
 
-ছিহাহ ছিত্তাৰ সংকলনৰ বহু বছৰৰ পিছত কোৰআন মজীদ, -ছিহাহ ছিত্তা-হাদীচ আৰু ইমাম আবু হানিফা(ৰঃ)ৰ লগত
 কোনো লিঙ্ক নথকা হানাফী মজহবৰ এই বিখ্যত গ্রন্থ “আল মুখতাছাৰুল কুদূৰী” সংকলনৰ কি প্রয়োজন আছিল?? এই 
ছুফী ৰহস্যৰ ভেদ আমি ফাদিল কৰিম। ইন ছা আল্লাহ।। 
 
-ক্রমশঃ ইন ছা আল্লাহ।।
 
 
 
 

No comments:

Post a Comment