Friday, 5 June 2015

-(3)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’

-(3)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’ 

By-sogood islam syeds-sgis.



----------------------------------------------------


একেশ্বৰবাদৰ সমর্থনত আধুনিক দর্শনঃ-কিছুমানে বহু ঈশ্বৰৰ পৃথক আৰু সুকীয়া অস্তিত্বত বিশ্বাস কৰ, যিবিলাকৰ মাজত কম বেছি পৰিমাণে বিৰোধৰ সৃষ্টি কৰে। এই ধাৰণাৰ উৎস হ’ল প্রাচীন বেবিলন ,ইজিপ্ত আৰু ভাৰত। এই বহু সংখ্যক ঈশ্বৰৰ প্রত্যেকেই পূজা পোৱাৰ অধিকাৰী।এই মতবাদ বহুবাদ হিচাপে জনাজাত।
        কিন্তু বহুবাদৰ ধাৰণাই মানুহৰ মন সন্তুষ্ট কৰিব পৰা নাই, কাৰণ ই ঈশ্বৰসকলক সীমিত কৰে।যদি বহু ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা হয়,তেন্তে তেওঁলোকৰ কোনোৱেই সর্বশক্তিমান হ’ব নোৱাৰে।ফলত মানুহে বহুবাদৰ ধাৰণা ত্যাগ কৰি দ্বৈতবাদৰ ধাৰণা পোষণ কৰিবলৈ লয়।
        কিছুমানে ভাল আৰু বেয়া শক্তি সম্পন্ন দুই পৰষ্পৰ বিৰোধী ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে।বিশ্ব পৰিচালনাৰ ক্ষেত্রত এই দুই ঈশ্বৰে দ্বান্দ্বিক ভূমিকা পালন কৰি আছে,ইয়াকে দ্বৈতবাদ বুলি কোৱা হয়।একেজন ঈশ্বৰক ভাল আৰু বেয়া কামৰ বাবে দায়ী কৰিব নোৱাৰি।সেয়ে দুজন পৰষ্পৰ বিৰোধী ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপনৰ প্রয়োজনীয়তা আহি পৰে।জৰোৱাষ্টাৰ(জুৰথুষ্ট)ধর্মত দুই ঈশ্বৰ-অহুৰমজদা(সৌভাগ্যৰ ঈশ্বৰ)আৰু অহিৰামৰ(দুর্ভাগ্যৰ ঈশ্বৰ) অস্তিত্বত বিশ্বাসকৰা হয়।কিন্তু এই ধাৰণায়ো মানুহৰ মন সন্তুষ্ট কৰাত ব্যর্থ হয়। কিয়নো বিশ্ব পৰিচালনাৰ ক্ষেত্রত যদি দুজন ঈশ্বৰৰ মাজত অবিৰত দ্বন্দ্ব চলি থাক, তেন্তে বিশ্ব ব্যৱস্থাৰ ঐক্য আৰু শৃংখলা ৰক্ষা কৰা সম্ভৱ নহ’লহেঁতেন।
        ফলত মানুহৰ মন ধাবিত হৈছে একেশ্বৰবাদৰ ধাৰণাৰ পিনে।একেশ্বৰবাদত মাত্র এজন ঈশ্বৰত বিশ্বাস কৰা হয়। তেওঁ সার্বভৌম শক্তিৰ অধিকাৰী অসীম সত্বা,তেৱেঁই স্রষ্টা, সংৰক্ষক আৰু বিশ্বৰ পৰিচালক।এইটো একেশ্বৰবাদ হিচাপে পৰিচিত।
CONTD-next on-20.06.2015-in sha Allah...sgis...

No comments:

Post a Comment