Monday, 15 June 2015

-(4)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’

-(4)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’ 

By-sogood islam syeds-sgis.




বিজ্ঞানৰ অভ্যুত্থানঃ-
           দর্শনৰ ফালৰ পৰা ধর্ম আৰু বিজ্ঞানৰ মাজত এক মৌলিক সংঘাট আছে।কোনো এটা ধর্ম একোজন মহাপুৰুষৰ সাধনালবদ্ধ জ্ঞানৰ ভিত্তিত প্রতিষ্ঠিত।এই ধর্মৰ অনুগামী মহাপুৰুষ জনক ভগবানৰ অৱতাৰ স্বৰূপবুলি জ্ঞান কৰে(ইছলাম নহয়)।তেওঁলোকৰ বিশ্বাস যে এই ধর্ম প্রৱর্তক জনৰ নির্দ্দেশাৱলীত কোনো ধৰণৰ আসোঁৱাহ থাকিব নোৱাৰে;আৰু সেই বাবে এইবোৰৰ আংশিক সংশোধনো গ্রহন যোগ্য নহয়। কিন্তু বৈজ্ঞানিক দর্শন এজন মানুহৰ সাধনাৰ ভিত্তিত গঢ়ি উঠা নাই।হাজাৰ হাজাৰ বছৰৰ মানুহৰ সাধনালবদ্ধ জ্ঞানৰ ভিত্তিত গঢ়ি উঠিছে আজিৰ বিজ্ঞান।বিজ্ঞানৰ ইতিহাসে বাৰে বাৰে প্রতিপন্ন কৰি আহিছে যে নতুন চিন্তাৰ উন্মেষত পুৰণি চিন্তাৰ অংকিত পতভূমিৰ ভূমিকা আওকাণ কৰিব নোৱাৰি। পুৰণি অসম্পূর্ণ ধাৰণা বোৰৰ আতঁধৰি শুদ্ধ আৰু পুষ্ট ধাৰণাৰ গৰাকীজন বুৰঞ্জীত সদায়ে আনতকৈ উচ্চ স্থান পাই আহিছে।
                                                                 

       আকাশ খনৰ বিষয়ে জানিবলৈ মানুহৰ কৌতূহলৰ কাহানিও অভাৱ হোৱা নাই।এসময়ত দার্শনিকসকলে কল্পনা কৰিছিল যে পৃথিবীখন বিশ্বব্রহ্মাণ্ডৰ সোঁমাজত অৱস্থিত।প্লেট,এৰিষ্ট’টল আদি দার্শনিকসকলে পৃথিবীকেন্দ্রিক বিশ্বৰ কথা কৈছিলI  

[[ক্রমশঃ-Next sunday..in sha Allah]]

Photos shown:-
                                                              Thumbnail of Plato    
[Plato(c. 427 B.C. – c. 347 B.C.)Greek philosopher who was a student of Socrates. Plato founded the Academy in 387 BC. He has been called the world’s most influential philosopher. ]
Thumbnail of Aristotle

[Aristotle(384 B.C. – c. 322 B.C.)Greek philosopher who presented his thoughts on weather in a book, Meteorologica, which while often wrong, did establish meteorolgy as a distinct discipline for study. ]

No comments:

Post a Comment