-(6)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’
By-sogood islam syeds-sgis-29.06.2015-Ghy.
***************************************************************
কেপলাৰৰ বিধি তিনিটাৰ উল্লেখনীয় বৈশিষ্ট হ’লযে প্রতিটো বিধি একোটা গ্রহৰ সামগ্রিক পৰিভ্রমণৰ লগত জড়িত।তিনিটা মূল্যবান বিধি ৰচনা কৰিলেও কেপলাৰে বিধি কেইটাৰ অন্তর্নিহিত অর্থ উদ্ধাৰ কৰিব নোৱাৰিলে।বৈজ্ঞানীক অণ্বেষণত উত্তৰবিহীন হৈয়ে ৰ’ল। বৈজ্ঞানীক অণ্বেষণত উত্তৰবিহীন হৈৰোৱা প্রশ্নবোৰ নতুনচামৰ বাবে দিশ নির্ণায়কহৈ পৰে। তেওঁলোকে ভাবিবলৈ ল’লেযে কি বা কেনেকুৱা বলৰ প্রভাৱত গ্রহবোৰৰ পথবোৰ উপবৃত্তাকাৰ হয়। ৰ’বার্ট হুক, এডমাণ্ড হেলি আৰু ক্রিষ্ট’ফাৰ ৰেণ নামৰ তিনিজন বৃটিছ বিজ্ঞানীয়ে এই প্রশ্নটোৰ উত্তৰ বিচাৰিলে।১৬৮৪চনৰ কথা। হেলিয়ে কেপলাৰৰ ধাৰণাৰ বিষয়ে নিজকে পতিয়ন নিয়ালে যে একোটা গ্রহক পৰিচালিত কৰা বলটো সূর্য্য আৰু গ্রহৰ দূৰত্বৰ বর্গৰ বিপৰীত[ব্যস্ত] অনুপাতত সলনি হয়। হুক আৰু ৰেণেও হেলিৰ লগত সহমত প্রকাশ কৰিলে। ইয়াৰ সঠিক উত্তৰ বিচাৰি ১৬৮৪ চনৰ আগষ্টত হেলি উপস্থিত হয়গৈ কেম্ব্রিজত,নিউটনৰ ওচৰত।সেই সময়ত ৪২ বছৰ বয়সত ইতিমধ্যই তিনিটা অতি বিখ্যাত আবিস্কাৰৰ যশস্যাৰে নিউটনে কেম্ব্রিজ অলংকৃত কৰিছিল। হেলি আৰু নিউটন মুখামুখি হ’ল। এজনেও ভাবিব পৰা নাছিলযে সেয়া আছিল বিজ্ঞানৰ সর্বশ্রেষ্ঠ আবিস্কাৰটোৰ পাতনিৰ শুভমুহূর্তঃ-হেলিঃ- সূর্য্য আৰু গ্রহৰ মাজৰ বলটো দূৰত্বৰ বর্গৰ বিপৰীত[ব্যস্ত] অনুপাতত সলনি হ’লে গ্রহটোৰ পথটো কেনেকুৱা হ’ব?অকণো সময় নোলোৱাকৈ উত্তৰ আহিল-
Edmond Halley
[Edmond Halley(8 Nov 1656 – 14 Jan 1742),English astronomer, geophysicist and mathematician. ]
নিউটনঃ- উপবৃত্তাকাৰ।হেলিঃ-আপুনি কেনেকৈ জানিলে?নিউটনঃ-মই গণিতৰ সহায়ত গণনা কৰি উলিয়াইছো।
Sir Isaac Newton
[Born 25 Dec 1642; died 20 Mar 1727.
English physicist and mathematician, who made seminal discoveries in several areas of science, and was the leading scientist of his era. His study of optics included using a prism to show white light could be split into a spectrum of colours. The statement of his three laws of motion are fundamental in the study of mechanics. He was the first to describe the moon as falling (in a circle around the earth) under the same influence of gravity as a falling apple, embodied in his law of universal gravitation. As a mathematician, he devised infinitesimal calculus to make the calculations needed in his studies, which he published in Philosophiae Naturalis Principia Mathematica (Mathematical Principles of Natural Philosophy, 1687).]
আনন্দ আৰু বিস্ময়ত অভিভূতহৈ পৰিল হেলি।আটাইতকৈ আচৰিত কথাটো হৈছে,ঘটনাক্রমে নিউটনে ১৬৮০ চনতেই উক্ত উপপাদ্যৰ প্রমাণ লিখি থৈছিল।এই উপপাদ্যৰ অপৰিসীম গুৰুত্বৰ বিষয়ে নিউটনে তেতিয়াহে উপলব্ধি কৰিলে যেতিয়া হেলিয়ে প্রশ্ন কৰিলে। নিউটন আৰু গেলিলিওৰ জন্ম-মৃত্যু ১৬৪২ চনত।একেটা বছৰতে দুই মনীষিৰ জন্ম-মৃত্যুৰ ঘটনাটোক বুৰঞ্জীবিদ সকলে চিন্তাৰ নতুন ধাৰাটোক সজীৱ কৰি ৰাখিবলৈকে গেলিলিওৰ মৃত্যুৰ পিছত নিউটনৰ আবির্ভাৱ হৈছিল বুলি ভাৱে। গেলিলিওক আধুনিক বিজ্ঞানৰ পিতৃ বুলি আখ্যা দিয়া হয়।
-ক্রমশঃ-in sha Allah-next sunday.


No comments:
Post a Comment