Friday, 5 June 2015

-(2)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’

-(2)-'তাওহীদ'ত নিমজ্জিত বিজ্ঞান অভ্যুত্থানৰ ‘গ’ড-কণিকা’ 

By-sogood islam syeds-sgis, 06.06.2015



----------------------------------------------------

প্রাচীন গ্রীচৰ যুক্তিবাদী দার্শনিক আৰু ঋকবেদত বর্ণিত ‘ঋত[rta]’ৰ মাজত বিশ্ব ধাৰণাৰ বিকাশৰ প্রকাশ পোৱা যায়ঃ-

‘……there can be no living science unless there is a widespread and instinctive conviction in existing of an order of things and in particular of an order in nature.The vedic people had an instinctive conviction in natural order,they thought of the external world as an ordered whole and that its dynamic or changing phenomena were regulated by ‘rta’.-[Hite Head]
               ইজিয়ান সাগৰৰ উপকূলৱর্তী অঞ্চললৈ যোৱা ইণ্ড’ইউৰোপীয় ভাষা-ভাষী লোকসকল আৰু ঋকবেদৰ ৰচিতাসকলে বিশ্বজনীন নিয়ম‘ঋত[rta]’ অনুসৰি বিশ্বৰ সৃষ্টি হৈছিল বুলি বিশ্বাস কৰিছিল। ঋকবেদত বর্ণিত আৰু বন্দিত[সূর্য,অগ্নি,ঊষা,বায়ু,বৰুণ আদি] দেৱতাসকলো ঋত।
      উল্লেখিত বিশ্বসৃষ্টিৰ মূলতেই বহু দেৱ-দেৱী অথবা দ্বৈত্ব, ত্রিত্ব, বহুবাদৰ ভগৱানৰ সলনি এজনকেই সৃষ্টি আৰু নিয়ন্ত্রণা হিচাপে গ্রহন যোগ্য হ’ব পাৰে।একেশ্বৰবাদ সকলো ধর্মৰ মূল উৎস। প্রাচীন হিন্দু শাস্ত্র অথর্ববেদত কোৱা হৈছেঃ-‘স সর্বস্মৈ বিপস্যতি য়চ্ছ প্রাণতি য়চ্ছন।
    তমিদং নিগতং এষ এক এক এক বদেক এব।
    সর্বে অস্মিবন দেৱা একবৃতোভৱন্তি।[অথর্ববেদ-১৩.৪.২১]
অর্থাৎ-[তেৱেই ঈশ্বৰ] যি সকলো প্রাণ আৰু অপ্রাণত বিদ্যমান,একক সত্বা,একেজন দেৱতা সকলোৰে একমাত্র আশ্রয়।
        অসমৰ একশৰণ নামধর্মৰ প্রৱর্তক শ্রীন্ত শংকৰদেৱেও চাৰিবেদ মন্থন কৰি যি সাৰ সংগ্রহ কৰিছিল সেয়া হ’লঃ- ‘এক দেৱ এক সেৱ এক বিনে নাহি কেৱ’।
        বাইবেলৰ ওল্ডটেষ্টামেণ্টত কোৱা হৈছেঃ-
‘Hear ,O Israel, the lord, our GOD,is One Lord,’-[Leut 4.6],
অর্থাৎ-শুনা, হে’ ইজৰাইলৰ বংশধৰসকল,আমাৰ প্রভু ঈশ্বৰ মাথোন এজন প্রভু।
Contd-Next-on-13/06/2015-in sha Allah...sgis...

No comments:

Post a Comment