Monday, 19 October 2015

26, 27, 28-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

[৬]-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ
———————চৈয়দ চগুড ইছলাম১২/০৯/২০১৫——————     

---আমৰ বিন লুহাই আছিল প্রথম ব্যক্তি যি চতুস্পদ জন্তু মূর্ত্তিৰ নামত  উৎসর্গ কৰা প্রথা প্রচলন কৰিছিল। আৰববাসীসকলে আল্লাহৰ নৈকট্য লাভৰ বাবেইএই ধৰণৰ জন্তু বলি দিছিল। কোৰআন কৰীমত কোৱা হৈছেঃ-
---আমিটো সেইবইলাকৰ উপাসনা এই কাৰণেই কৰোযে, সিহঁতি যাতে আমাক আল্লাহৰ ঘনিষ্ট কৰি দিয়ে।(www.quran.com/3/39)।
--আল্লাহে কৈছেযে সিহঁতি আল্লাহৰ বাদেও এনে কিছুমানক ইবাদত কৰে যিবিলাকে তেওঁলোকৰ কোনো উপকাৰ বা অপকাৰ কৰিব নোৱাৰে। আৰু সিহঁতি কয়-“এইবিলাক আল্লাৰ ওচৰত আমাৰ সুপাৰিশকাৰী”।(www.quran.com/10/18)
---ইয়াৰ উপৰিও মুছৰিক আৰববাসীবিলাকে ভবিষ্যৎ জানিবৰ বাবে তীৰ, যাদু আৰু জোত্যিষশাস্ত্রৰ কলাকৌশল ব্যৱহাৰ কৰিছিল। আজিৰ  জোত্যিষীসকলৰ চিন্তা-চর্চাবোৰ সেই সময়ৰ মুছৰিক আৰববাসীবিলাকৰ লগত একেই আছিল। কেৱল বৃষ্টি-বাদলৰ ক্ষেত্রত ভাবিছিলযে সেই বিশেষ কিবা এটা তৰাৰ দ্বাৰা বৰষুণ আদিৰ কাম সমাধা হয়। সকলো ভাল বেয়াৰ মূল সেই তৰাই বুলি ভাবি জঘণ্য র্শিকত লিপ্ত হৈছিল।(ছহী মুছলিম-১/৯৫)।
---কলেৰা, বসন্ত আদি বেমাৰবোৰ কোনো প্রেত্মামাৰ দ্বাৰা হোৱা বুলি ভাবিছিল। তেওঁলোকৰ বিশ্বাস আছিলযে কোনোলোকক হত্যা কৰিলে যেতিয়ালৈকে হত্যাকৰীৰ ওপৰত প্রতিশোধ লোৱা নহয় তেতিয়ালৈকে আত্মাই শান্তি লাভ নকৰে। সেই আত্মাই প্রেত্মামাৰ ৰূপলৈ সকলোফালে ক্ষুর্দ্ধহৈ ঘূৰা-ফুকা কৰি থাকে।(ছহী বুখাৰী-২/৮৫১,৮৫৭)।
বে’দাত আৰু র্শিকৰ  সংযোজনঃ-
[আজি আমি দেখিছোযে বে’দাত আৰু র্শিক নামৰ মহামাৰীয়ে ইছলামক পঙ্গু কৰি পেলাইছে। এইবোৰৰ আৰম্ভনী কিন্তু হজৰত ইব্রাহীম(আঃ)ৰ দ্বীনতেই পুশা মেলিছিল। ইয়াত বে’দাতক দুজন          পয়গম্বৰৰ যুগৰ কথা কোৱা হৈছে। এই বিষয়ে কাইলৈ প্রকাশ কৰা হ’ব-ইন শ্বা আল্লাহ।। ]
--ক্রমশঃ -ইন শ্বা আল্লাহ।।
+++++++++
[৭]-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ
———————চৈয়দ চগুড ইছলাম২০/০৯/২০১৫——————    

 বে’দাত আৰু র্শিকৰ  সংযোজনঃ-
[আজি আমি দেখিছোযে বে’দাত আৰু র্শিক নামৰ মহামাৰীয়ে ইছলামক পঙ্গু কৰি পেলাইছে। এইবোৰৰ আৰম্ভনী কিন্তু হজৰত ইব্রাহীম(আঃ)ৰ দ্বীনতেই আৰবৰ জাহেলি যুগত পুশা মেলিছিল। ইয়াত বে’দাতক দুজন পয়গম্বৰৰ যুগৰ কথা কোৱা হৈছে।]
---জাহেলি যুগৰ আৰববাসীসকলে আল্লাহ তা’লাই হজৰত ইব্রাহীমৰ[আঃ] দ্বাৰা প্রৱর্তন কৰা দ্বীনক প্রায় নিঃশেষ কৰিলেও ধর্মৰ কিছু কিছু অংশ তেতিয়াও অবশিষ্ট আছিল। তেওঁলোকে দ্বীনৰ উমৰা আৰু হজ কৰা, বায়তুল্লাহৰ প্রতিসন্মান প্রদর্শন কৰা, তওৱাফ কৰা, আৰাফ আৰু মুযদালিফাৰ অৱস্থান কৰা কোৰবানী কৰা আদি কামবোৰ যথাৰীতি সন্মান সহকাৰ পালন কৰিছিল যদিও ইয়াত যথেষ্ট ভাবে বে’দাত আৰু র্শিকে স্থান পাইছিল
---কুৰাইছসকলে দাবী কৰেযে তেওঁলোক হজৰত ইব্রাহীম(আঃ)ৰ বংশধৰ আৰু তেওঁলোকেই হৈছে হাৰাম শৰীফৰ সংৰক্ষক আৰু অভিভাৱক আৰু প্রকৃত অধিবাসী। গতিকে তেওঁলোকে নিজকে বীৰ[হুম্স] বুলি পৰিচয় দিয়ে। সেয়েহে হজৰ বতৰত তেওঁলোকে সীমাৰ বাহিৰহৈ আৰাফাহ নগৈ তাৰ পৰা ইফাযাও[apart] নকৰে । তেওঁলোকে মুযদালিফাত থাকি তাৰ পৰাই ইফাযা কৰি লয়। এই বে’দাত সংশোধনৰ বাবেই আল্লাহ তা’লাই কোৰআনত কৈছেঃ-
-‘’তোমালোকে সেই ঠাইৰ পৰাই ইফাযাহ কৰা যৰ পৰাই ইফাযাহ কৰিছিলা...’’ [www.quran.com/2/199] [বোখাৰী-১/২২৬]

---হাৰাম শৰীফৰ বাহিৰৰ বাসিন্দাসকলৰ প্রতি নির্দেশ আছিলযে তেওঁলোকে ---হাৰাম শৰীফৰ ভিতৰত প্রবেশ কৰিলে হুম্স[বীৰ]ৰ পৰা সংগৃহীত বস্ত্র পৰিধান কৰি তাওৱাফ কৰিব লাগিব। যদি এনে বস্ত্র সংগ্রহ কৰিব নোৱাৰে তেন্তে উলঙ্গ হৈয়ে তাওৱাফ কৰিব লাগিব। এই সংক্রান্তত  আল্লাহ তা’লাই অশ্লীলতাৰ পৰা পৰহেজগাৰ হোৱাৰ বাবে কৈছেঃ-
-“হে বানী আদম! প্রত্যেকবাৰ মছজিদত উপস্থিতৰ সময়ত নিজৰ পোছাক পৰিধান কৰি লোৱা”।[ www.quran.com/7/31]। নিজকে উচ্চ মর্যদাসম্পন্ন দেখুৱাবলৈ বাহিৰৰ পৰা অনা পোছাক ব্যৱহাৰ নচলিব। ][বোখাৰী-১/২২৬] ।
---উক্ত জঘন্য বে’দাতী কামৰ উপৰিও তেওঁলোকে হাৰাম শৰীফৰত মূল দুৱাৰেদি নোসোমাই হাৰাম পিছফালে এটা ফুটা কৰি সেই ফালেদি ওলোৱা সোমোৱা কৰিছিল। এইটো তেওঁলোকে পূণ্যৰ কাম বুলি ভাবিছিল। এনে বে’দাতী কামৰ পৰা বিৰত থকাৰ উদ্দেশ্যে কোৰআন মজিদত কৈছে:-“ আৰু এইটো কোনো পূণ্যৰ কাম নহয়যে পিছফালৰ দৰজাদি ঘৰত প্রবেশ কৰিব”। [www.quran.com/2/189]। এইবিলাকেই আছিল সেই সময়ৰ আৰববাসীৰ দ্বীনৰ স্বৰূপ।
---এনে এটা সময়তেই বিভিন্ন প্রাচীন ধার্মাৱল্মী লোকসকলে ধর্ম স্থান দখলৰ বাবে সক্রিয়হৈ উঠিছিল। এই বিষয়ে অহা সংখ্যালৈ থাকিল।।।
ক্রমশঃ in sha Allah
++++++++++++
[২৮]হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ 
———————চৈয়দ চগুড ইছলাম২৮/০৯/২০১৫——————
==================================
--আৰব উপদ্বীপত ইহুদীবোৰে কমেও প্রায় দুটা যুগ অতিবাহিত কৰিছিল। প্রথম যুগত ইহুদীবোৰে দেশ ত্যাগ কৰিছিল, যেতিয়া ফিলিস্তাইনে বাবেল আৰু আশুৰা বিজয় কৰিছিল। এই দেশান্তৰিত হোৱা ইহুদীবোৰে হিজাবৰ উত্তৰাঞ্চলত বসতি স্থাপন কৰে।
--দ্বীতিয় যুগ আৰম্ভ হয় যেতিয়া  ৭০ খৃষ্টাব্দত ৰুমীবিলাকে ফিলিস্তাইন দখল কৰে। ইয়াৰ ফলত ইহুদীবোৰ হিজাবৰ পৰা পলায়ন কৰি ইয়াছৰিব, খায়বাৰ আৰু তাইমাততগৈ বসতি স্থাপন কৰে। তাতে তেওঁলোক আর্থিক ভাবে টনকিয়ালহৈ পৰে।
--উল্লেখিত দেশত্যাগী ইহুদীবোৰৰ মাধ্যমে আৰববাসীৰ মাজত এক প্রকাৰ ইহুদী প্রথা আৰম্ভ হয়। এই আৰব-ইহুদীৰ সংমিশ্রনৰ সূত্রপাত হয় ইছলামৰ আর্ভিভাবৰ আগত। এই সময়ত ইহুদী গোত্রৰ সংখ্যা বিশটাত কৈও বেছি আছিল।
--তাব্বান আছআদ আবু কাৰবে বানু কুৰাইযাৰে দুজন ইহুদীলৈ ইয়ামেনত(yemen) উপস্থিতহৈ ইহুদী মতবাদ গ্রহন কৰি ইয়ামেনত ইহুদী মতবাদ প্রচাৰ কৰি বিৰাট সাফল্য লাভ কৰে আৰু তাৰ শাসনকর্তা হয়।  
--আবু কাৰবেৰ পাছত তেওঁৰ পুত্র ইউচুফ যুনছ ইয়ামেনৰ শাসন কর্তা হয়।  শাসন ভাৰ গ্রহন কৰিয়েই তেওঁ খ্রীষ্টান নাজৰনবাসীৰ ওপৰত ইহুদী মতবাদ বল প্রয়োগ কৰি জাপিদি বহু খ্রীষ্টানক ইহুদী মতবাদ গ্রহন কৰিবলৈ বাধ্য কৰায়।
--যি সকলে ইহুদী ধর্ম গ্রহন কৰা নাছিল তেওঁলোকক গাঁতত জুই জ্বলাই তাত পেলাই হত্য কৰা হৈছল । এই নাৰকীয় ঘটনাৰ বলি হৈছিল প্রায় চল্লিশ হাজাৰ লোক। ঘটনাট সংঘটিত হৈছিল ৫২৩ খ্রীষ্টাব্দৰৰ অক্টোবৰ মাহত। আৰু ইয়াৰ বিষয়ে পৱিত্র কোৰআন মজদৰ চুৰা বুৰুজত উল্লেখিত হৈছেঃ-
-- মারা পড়েছে গর্তওয়ালারা যে গর্তে দাউ দাউ করে জ্বলা জ্বালানীর আগুন ছিল,”(www.quran.com/85/4)
--এই বিষয়ে আগতে উল্লেখ কৰি অহা হৈছে।

No comments:

Post a Comment