[২৮]“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———————চৈয়দ চ’গুড ইছলাম—২৮/০৯/২০১৫——————
==================================
———————চৈয়দ চ’গুড ইছলাম—২৮/০৯/২০১৫——————
==================================
--আৰব উপদ্বীপত ইহুদীবোৰে কমেও প্রায় দুটা যুগ অতিবাহিত কৰিছিল। প্রথম যুগত ইহুদীবোৰে দেশ ত্যাগ কৰিছিল, যেতিয়া ফিলিস্তাইনে বাবেল আৰু আশুৰা বিজয় কৰিছিল। এই দেশান্তৰিত হোৱা ইহুদীবোৰে হিজাবৰ উত্তৰাঞ্চলত বসতি স্থাপন কৰে।
--দ্বীতিয় যুগ আৰম্ভ হয় যেতিয়া ৭০ খৃষ্টাব্দত ৰুমীবিলাকে ফিলিস্তাইন দখল কৰে। ইয়াৰ ফলত ইহুদীবোৰ হিজাবৰ পৰা পলায়ন কৰি ইয়াছৰিব, খায়বাৰ আৰু তাইমাততগৈ বসতি স্থাপন কৰে। তাতে তেওঁলোক আর্থিক ভাবে টনকিয়ালহৈ পৰে।
--উল্লেখিত দেশত্যাগী ইহুদীবোৰৰ মাধ্যমে আৰববাসীৰ মাজত এক প্রকাৰ ইহুদী প্রথা আৰম্ভ হয়। এই আৰব-ইহুদীৰ সংমিশ্রনৰ সূত্রপাত হয় ইছলামৰ আর্ভিভাবৰ আগত। এই সময়ত ইহুদী গোত্রৰ সংখ্যা বিশটাত কৈও বেছি আছিল।
--তাব্বান আছআদ আবু কাৰবে বানু কুৰাইযাৰে দুজন ইহুদীলৈ ইয়ামেনত(yemen) উপস্থিতহৈ ইহুদী মতবাদ গ্রহন কৰি ইয়ামেনত ইহুদী মতবাদ প্রচাৰ কৰি বিৰাট সাফল্য লাভ কৰে আৰু তাৰ শাসনকর্তা হয়।
--আবু কাৰবেৰ পাছত তেওঁৰ পুত্র ইউচুফ যুনছ ইয়ামেনৰ শাসন কর্তা হয়। শাসন ভাৰ গ্রহন কৰিয়েই তেওঁ খ্রীষ্টান নাজৰনবাসীৰ ওপৰত ইহুদী মতবাদ বল প্রয়োগ কৰি জাপিদি বহু খ্রীষ্টানক ইহুদী মতবাদ গ্রহন কৰিবলৈ বাধ্য কৰায়।
--যি সকলে ইহুদী ধর্ম গ্রহন কৰা নাছিল তেওঁলোকক গাঁতত জুই জ্বলাই তাত পেলাই হত্য কৰা হৈছল । এই নাৰকীয় ঘটনাৰ বলি হৈছিল প্রায় চল্লিশ হাজাৰ লোক। ঘটনাট সংঘটিত হৈছিল ৫২৩ খ্রীষ্টাব্দৰৰ অক্টোবৰ মাহত। আৰু ইয়াৰ বিষয়ে পৱিত্র কোৰআন মজদৰ চুৰা বুৰুজত উল্লেখিত হৈছেঃ-
-- “মারা পড়েছে গর্তওয়ালারা যে গর্তে দাউ দাউ করে জ্বলা জ্বালানীর আগুন ছিল,”(http://www.multimediaquran.com/quran/085/085-004.htm)
--এই বিষয়ে আগতে উল্লেখ কৰি অহা হৈছে।
ক্রমশঃ in sha Allah
[29]- http://sgis-assameseblog.blogspot.in/2015/10/blog-post_99.html

No comments:
Post a Comment