Friday, 2 October 2015

[১]-সংকল্পত-জুম্মাৰ চালাত-(Part-2)-

[১]-সংকল্পত-জুম্মাৰ চালাত-(Part-2)-  
-চৈয়দ  চ’গুড  ইছলাম (০৩/১০/২০১৫)
++++++++++++++++++++ 





[বিঃদ্রঃ-সংকল্পত-জুম্মাৰ-চালাত(Part-1)-ত কেইমাহ মান আগতে আমি নিজে শুনা মাতৃভাষাত দিয়া খুতবাৰ উপকাৰীতাৰ বিষয়ে কৈছিলো। ইয়াক পুনৰ সংযোজিত কৰা হ’ব।–in shs allah…] 
++++++++++++++++++++
++++++++++++++++++++


--খুতবাৰ আগতে দিয়া ভাষণ(বয়ান )এটা বে’দআত কার্য্য:- 
--------------------------------
--নিজ ভাষাত খুতবা  নিদিয়াৰ কাৰণে  যিহেতু  মানুহৰ বোধগম্য নহয় সেয়েহে  খুতবাৰ  আগতে ইমাম/ খতীব সকলে মাতৃ ভাষাত এটা ভাষণৰ ব্যবস্থা কৰে,  যিটো শৰীয়তৰ দৃষ্টিত এটা জঘন্যতম বে’দাআত। কাৰণ খুতবা দানৰ পূর্বে ভাষণ দিয়া আৰু ইয়াক  এই ধৰণে স্থায়ী ৰূপ দিয়াটো নবী সাল্লাল্লাহু আলাইহি ওয়া সাল্লামৰ পৰা কোনো প্রমাণিত নহয়। নবী সাল্লাল্লাহু আলাইহি ওয়া সাল্লামে খুতবাৰ পূর্বে কেতিয়াও এই ধৰণৰ  ভাষণ দিয়া নাছিল। দিবলৈ কৈছিল বুলিও কোন প্রমাণ পোৱা নাযায়।
--এই কাৰণেই সঊদী আৰবৰ বৰেণ্য  মুফতী শাইখ ইবনে উসাইমীনক (ৰহ:) মাতৃভাষাত খুতবা প্রদান সম্পর্কে প্রশ্ন কৰাত তেখেতে তাক স্পষ্ট ভাবে কয়যে, খতীব/ইমাম সকলে নিজ ভাষায় খুতবা দিবই লাগিব । (চাওক:- শাইখ ইবনে উসাইমীনৰ ফাতাওয়া আৰকানিল ইসলাম-http://islamhouse.com/en/books/396788/)

--জামে মছজিদত মাতৃভাষাত খুতবা দিয়াটো  সুন্নত। ইয়াৰ বিপৰীতে  চুন্নত বিৰোধী  যি কোনো কামেই  পৰিত্যাজ্য।



--ক্রমশঃ in sha Allah.

No comments:

Post a Comment