[২৫]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———————চৈয়দ চ’গুড ইছলাম—০৬/০৯/২০১৫——————
———————চৈয়দ চ’গুড ইছলাম—০৬/০৯/২০১৫——————
“-----কা’বা ঘৰৰ ভিতৰৰ অন্যান্য মূর্তি আৰু ছবি লগতে কাঠেৰে তৈয়াৰি পাৰ চৰাই
সদৃহ এটা মূর্তি
সম্পূর্ণভাৱে নবী কৰীম ছলল্লাহু আলেইহিচ্ছালামে নিজৰে হাতে ধব্বংস কৰি পেলায়।---------“
+++++++++++++++++++++++++++++
---ওপৰৰ বাক্যটো যোৱা খণ্ডৰ শেষ বাক্যটো। সেই বাক্যটোৰ
পিছৰ কথাবোৰ বৰ উত্তেজনা(thrill) পূর্ণ। নবী কৰীম
ছলল্লাহু আলেইহি ৱাচ্ছালামে “-----কা’বা ঘৰৰ ভিতৰত চালাত আদায়ৰ পিছত এটা কোৰাণ কৰীমৰ আয়াত পাঠ কৰিলে(quran.com/49/13/)। তাৰপিছত ক’লে-“হে কুৰাইছ সকল তোমালোকে মোৰ পৰা কেনে ব্যৱহাৰ আশা কৰা?”----তাৰ পিছত ডাঙৰ ডাঙৰ গাদ্দাৰৰ মাজৰ পৰা ন’জনৰ নাম উল্লেখ কৰি সিহঁতক কা’বা ঘৰৰ পর্দাৰ ওচৰত
পালেও হত্যা কৰাৰ নির্দ্দেশ দিলে। কাক হত্যা কৰা হ’ল কাক কিয় এৰি দিলে আদি বহু কথা।।।কিন্তু এই
কথাবোৰ আমি পিছলৈ ৰাখিবলৈ বাধ্য। কাৰণ আমাৰ লিখনিত সেই মহান নবী ( ছলল্লাহু আলেইহি ৱাচ্ছালাম)জনৰ জন্মই হৱা নাই।।
+++++++++++++++++++++++++++++
---ইফালে জাহেলিয়া যুগৰ মানুহবোৰে বিভিন্ন মনে গড়া
পদ্ধতিৰে মূর্তি পূজা প্রচলন কৰিবলৈ ধৰিলে। ইয়াৰ বেছি ভাগেই আমৰ বিন লুহাইৰ মনেগড়া আছিল। কিন্তু ইয়াৰ
উদ্দেশ্য হজৰত ইব্রাহীম(আঃ)ৰ প্রৱর্তিত দ্বীনৰ বিলোপ্ত সাধণৰ বাবে নহয় বৰং দ্বীনৰ কিছু উন্নতি কৰণৰ বাবে নতুন সংযোজৰ দ্বাৰা
সর্বযুগৰ উপযোগী হোৱাকৈ এক পৰিপূর্ণ জীৱন ব্যৱস্থাৰ বাবেহে। মূর্তি পূজাৰ ৰীতি-নীতি বোৰ এনে ধৰণৰ আছিলঃ-
১]-মূর্তিবোৰৰ ওচৰত অনুনয় বিনয় সহকাৰে উচ্চকণ্ঠে প্রার্থনা
কৰা যাতে দেব দেবীবোৰে আল্লাৰ ওচৰত মঙ্গলৰ বাবে ভক্তৰ প্রার্থনাৰ সুপাৰিছ পেশ কৰি
মঞ্জুৰ কৰাব পাৰে।
২]-মূর্তিবোৰৰ সদয়ৰ বাবে সিহঁতৰ উদ্দেশ্যে হজ সম্পন্ন
কৰা। সুপ্রশন্নৰ বাবে সিহঁতক চিজদাহ কৰা।
৩]-মূর্তিবোৰৰ বাবে বিভিন্ন প্রকাৰৰ মানত আৰু কোৰবানী
উৎসর্গা কৰা। এই কোৰবানী মূর্তিৰ আগত সেই মূর্তিৰেই নামত জবেহ কৰা হয় ।
---আল্লাহ তা’লাই কোৰআন মজীদত কৈছে- “এই সকলো পশুও হাৰাম
যিবোৰ মূর্তিৰ বেদীত যবেহ কৰা হৈছে-(http://quran.com/5/3/ )
---আকৌ আল্লাহ তা’লাই কোৰআন
মজীদত কৈছে-“সেই জন্তুৰ মাংস নেখাবা যাক আল্লাৰ নাম নোলোৱাকৈ যবেহ কৰা হয়। অর্থাৎ
গায়ৰুল্লাহৰ নামত যবেহ কৰা হৈছে- [http://quran.com/6/121]
৪]-মূর্তি পূজাৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভৰ উদ্দেশ্যে
খাদ্য, উৎপাদিত শস্যাদি, পালিত পশুৰ কিছু অংশৰ দুটা ভাগ কৰি এটা অংশ মূর্তিৰ বাবে
আৰু আন এটা অংশ আল্লাহৰ বাবে উৎসর্গা কৰা হয়। কিন্তু কার্য্য ক্ষেত্রত দুয়োটা
মিহলাই মূর্তিকহে উৎসর্গা কৰাৰ ফলত আল্লাই একো নেপায়গৈ।
---আল্লাহ তা’লাই কোৰআন মজীদত কৈছে-Sahih International
And the polytheists
assign to Allah from that which He created of crops and livestock a share and
say, "This is for Allah ," by their claim, " and this is for our
partners [associated with Him]." But what is for their
"partners" does not reach Allah , while what is for Allah - this reaches
their "partners." Evil is that which they rule. [http://quran.com/6/136]
৫]-মূর্তিৰ নৈকট্য লাভৰ আৰু এটা নিয়ম আছিলযে শস্যাদি আৰু
চতুস্পদ পশুৰ কিছু অংশ বিভিন্ন প্রকৃতিৰ বাবে মানত কৰা। এই মানত কৰা শস্যাদি আৰু
চতুস্পদ পশুবোৰ কোনেও বৈধ নাছিল আৰু খাব নোৱাৰিছিল।
---আল্লাহ তা’লাই কোৰআন মজীদত কৈছে- Sahih International
And they say, "These animals and crops are
forbidden; no one may eat from them except whom we will," by their claim.
And there are those [camels] whose backs are forbidden [by them] and those upon
which the name of Allah is not mentioned - [all of this] an invention of
untruth about Him. He will punish them for what they were inventing. [http://quran.com/6/138]
---ক্রমশঃ ইন শ্বা আল্লাহ
++++++++++
No comments:
Post a Comment