Monday, 19 October 2015

[২৯ a]“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ” +26,27,28


[২৯]“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ” 
———————চৈয়দ চ’গুড ইছলাম—১৯/১০/২০১৫——————  
                       ==================================

--আমি হজৰত মোহম্মদ চল লল্লাহু আলাইহি ৱাচাল্লামৰ সম্পূর্ণ বংশাৱলীক তিনি ভাগত বিভক্ত কৰি লৈছিলো।১নং খণ্ডৰ পৰা ২৮নং খণ্ডলৈ হজৰত ইব্রাহীমৰ(আঃ) পৰা আদনানলৈ আৰু প্রথম পর্য্যায়ৰ আদনানৰ পৰা হাছিম(HASHIM) আৰু মুত্তালিবলৈকে চমুকৈ হলেও কিছু বর্নণা কৰিছিলো। 
--প্রথম পর্যায়তঃ-হজৰত মোহম্মদ ছল লল্লাহু আলাইহি ৱাচাল্লামৰ পৰা আদনানলৈ।(এই পর্য্যায়ৰ বিশুদ্ধতাৰ ওপৰত বংশাৱলী বিশেষজ্ঞৰ অভিন্ন মত আছে। )
--দ্বিতীয় পর্যায়তঃ-আদনানৰ পৰা হজৰত ইব্রাহীম(আঃ)লৈ।(এই পর্যায়তৰ বিশুদ্ধতাৰ ওপৰত বংশাৱলী বিশেষজ্ঞৰ ভিন্ন মত আছে যদিও ইয়াৰ ওপৰত পর্যালোচনা চলাই থকা হৈছে।)।
--তৃতীয় পর্যায়তঃ-হজৰত ইব্রাহীম(আঃ)ৰ পৰা হজৰত আদম(আঃ)লৈ।(এই পর্যায়তৰ বিশুদ্ধতাৰ ওপৰত বংশাৱলী বিশেষজ্ঞৰ ভিন্ন মত থকাৰ উপৰিও বহুত ভুলভ্রান্তি আছে)।
জন্মসূত্রৰ ভিত্তিত আৰব সম্প্রদায়ক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনেঃ-১)বায়েদ(এই সম্প্রদায় নিঃশ্চিহ্ন হৈ গৈছে), ২)আৰিবা বা কাহতানী আৰু ৩)মুস্তা’ৰিবা বা আদনানী(হজৰত ইছমাইল,আঃ ৰ বংশধৰ)।

আমাৰ বিচার্য্যৰ মূল সম্প্রদায় বা গোত্র হৈছে আৰবে মুস্তা’ৰিবা অর্থাৎ আদনানী আৰব। এই সম্প্রদায়ৰ এজন পূর্ব-পুৰুষ হজৰত ইব্রাহীম(আঃ) মূলতঃ “উৰ”ৰ বাসিন্দা আছিল। এই “উৰ” চহৰ ফোৰাত বা ইউফ্রেটিচ নদীৰ পাৰৰ “কুফাৰ” একেবাৰে ওচৰত আছিল। ইয়াৰ প্রত্নতাত্বিক ভূ-গর্ভ খননৰ ফলত যিবোৰ শিলালিপি, পুথি-দলিল আদি পোৱা গৈছে তাৰ পৰা হজৰত ইব্রাহীম(আঃ)ৰ পূর্ব-পুৰুষ বংশধৰ সকলৰযে ধর্মিয়, সামাজিক অনুস্থানৰ অৱস্থাৰ নব-দিগন্তৰ উন্মোচন বিষয়ে বহু কথাই জানিব পৰা গৈছে।
+++++++++++ ++++++++
আমি আগতেই উল্লেখ কৰি আহিছিলোযে হাছিম(HASHIM)ৰ মৃত্যুৰ পাছত তেওঁৰ সহোদৰ মুত্তালিবলৈ সেই ঠাইত স্থলাভিষিক্ত(replaced) হয়। মুত্তালিবৰ পাছত তেওঁ ভাতৃপুত্র আব্দুল মুত্তালিব(ABDUL-MUTTALIB (ABDUL-MUTTALIB) )[(যি হজৰত মহম্মদ চল্লালাহু আলইহি ৱা ছা্ল্লামৰ আতায়েক(grand-fathe)আছিল)] এই পদৰ অধিকর্তা হিচাবে কাম কৰি যায়। এনেকি ইছলামৰ যুগ আৰম্ভ হোৱালৈকে আব্বাছ বিন আব্দুল মুত্তালিব উক্ত পদত অধিস্থিত থাকে।
+++++++++++++++++++++
আব্দুল মুত্তালিব(ABDUL-MUTTALIB) [হজৰত মহম্মদ চল্লালাহু আলইহি ৱা ছা্ল্লামৰ আতায়েক(grand-fathe)আছিল] :–
-------------------------------
--হাছিম আছিল অত্যন্ত সন্মানিত আৰু সম্ভ্রান্ত ব্যক্তি । এবাৰ ব্যৱসায় বাণিজ্যৰ বাবে শাম দেশলৈ যোৱাৰ পথত মদীনাত কিছুদিন আছিল। তাতেই বনু নাজ্জাৰ গোত্রৰ ছালমা বিনতে আমৰ নামৰ এক মহিলাক তেওঁ বিয়া কৰায়। কিছুদিনৰ পাছত গর্ভৱতী স্ত্রীক শহুৰেকৰ ঘৰত থৈ হাছিম শাম দেশলৈ গুছি  যায়। শাম দেশৰ পৰা ফিলিস্তাইন পাইগৈ আৰু তাতে গাজযাহ চহৰত তেওঁৰ পৰলোক প্রাপ্ত হয়।
-ক্রমশঃ in sha Allah…
[26,27,28]-  http://sgis-assameseblog.blogspot.in/2015/10/26-27-28.html

No comments:

Post a Comment